বিয়াৰ পিছত যিকোনো মানুহৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহে। বিশেষকৈ যিকোনো যুৱতীৰ জীৱনৰ বিয়াৰ পিছত আমূল পৰিৱৰ্তন হয়। (প্ৰতীকী ফটো) বিয়াক লৈ যুৱতীসকলৰ মনত ভয় আৰু আতংকৰ সৃষ্টি হয়। এই সময়ত যুৱতীসকলে গুগলত কি ছাৰ্চ কৰে সেয়া জানিলে আচৰিত হ’ব আপুনি। বিয়াৰ পূৰ্বে যুৱতীসকলে যুৱকসকলৰ তুলনাত অত্যন্ত বেছি উৎসাহিত হয়। গুগলত হৈ নানা ধৰণৰ ছাৰ্চ কৰে তেওঁলোকে। বিয়াৰ পূৰ্বে যুৱতীসকলে ছাৰ্চ কৰে পোছাক–পাতিক লৈ। লগতে বিয়াৰ পিছত এই পোছাক কিদৰে পিন্ধিব সেয়াও ছাৰ্চ কৰে। বিয়াৰ পিছত যুৱতীসকলৰ পোছাকৰ ডাঙৰ পৰিৱৰ্তন আহে। বিয়াৰ পূৰ্বে যুৱতীসকলে ৰোমাঞ্চিত হৈ থাকে। ভয়ো থাকে মনত। তাৰ ুপৰি গুগলত ছাৰ্চ কৰে বিয়াৰ সঠিক বয়স কি? কেতিয়াবা কেতিয়াবা ছাৰ্চ কৰে বিয়া পাতি কোনো হঠকাৰী সিদ্ধান্ত লোৱা নাইতো? বিয়াৰ বাবে বয়স কম হৈ থকা নাইতো? তাক লৈও মনত ভয়ে বাহ লয়। এটা চিন্তাই বেছিকৈ ভবাই তোলে যে শহুৰৰ ঘৰলৈ গৈ কেনে লাগিব! বিয়াৰ পিছত স্বামীক কিদৰে সুখী কৰিব পাৰি বা শহুৰৰ ঘৰৰ লোকক কিদৰে সেৱা কৰা যায় তাক লৈও গুগলত ছাৰ্চ কৰে যুৱতীসকলে। ইয়াৰ উপৰি যুৱতীসকলে বিয়াৰ পূৰ্বে হ’বলগীয়া শাহুৰ বিষয়েও নানা পৰীক্ষা–নিৰীক্ষা কৰে। ছাৰ্চো কৰে।