দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে ডাঙৰ খবৰ। বয়স্ক নাগৰিক বাবে কেন্দ্ৰীয় চৰকাৰে কৰিছে বিশেষ পৰিকল্পনা। যদি এই পৰিকল্পনা বাস্তৱায়িত হয়, সেই ক্ষেত্ৰত ডাঙৰ সুবিধা পাব প্ৰবীণ নাগৰিকে। ৭০ বছৰ বয়সতো নিজৰ নামত পেন্সন একাউণ্ট খুলিব পাৰিব। নেশ্যনেল পেন্সন স্কীম বা এন পি এছৰ ফালৰ পৰা ডাঙৰ সুযোগ। ইয়াৰ ফলত বৃদ্ধ বয়সত টকা পইচাৰ দুচিন্তা কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। (PFRDA)-ৰ ফালৰ পৰা জনোৱা মতে, কোনো ব্যক্তিৰ যদি বয়স ৬০ বছৰ হয়, তেওঁ এন পি এচৰ সৈতে সংযুক্ত হব পাৰিব। ৭৫ বছৰ বয়সলৈকে তেওঁৰ একাউণ্ট সচল হৈ থাকিব। আনকি ৭৫ বছৰ বসয়লৈকে ৰিচাৰ্ণ লাভ কৰি থাকিব। সংস্থাৰ এগৰাকী শীৰ্ষ বিষয়া সুপ্ৰতীম বন্দোপাধ্যায়ে জনাইছে যে, বিগত ৩.৫ বছৰত ৬০ বছৰৰ উৰ্ধ্বতকৈ বেছি ১৫ হাজাৰৰো অধিক লোকে নিজৰ পেন্সন ফাণ্ডত বিনিয়োগ কৰা আৰম্ভ কৰিছে। এন পি এচৰ ৬০ বছৰ বয়স পৰ্যন্ত টকা জমা কৰাৰ নিৰিখত পেন্সন নিশ্চিত হয় যে, অটল পেন্সন যোজনাৰ পেন্সন ১০০০ টকাৰ পৰা ৫ হাজাৰ টকা নিশ্চিত হয়। প্ৰতিমাহে জমা দিয়া টকাৰ ওপৰত নিৰ্ভৰ কৰিব ভৱিষ্যতে কিমান হব পেন্সন।