কোৰোণা সংক্ৰমণৰ ফলত চাকৰি হেৰুৱাইছে বহু লোকে। সেইদৰে বঢ়া নাই বহু কৰ্মচাৰীৰ দৰমহাও। বৰ্তমানৰ সময়ত বহুলোক ভয়ংকৰ সমস্যাত পৰিছে। কিন্তু অহা বছৰৰ পৰা পৰিস্থিতি ভাললৈ আহিব বুলি দাবী কৰিছে এক সমীক্ষাই। আগন্তুক বিত্তীয় বৰ্ষত বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীৰ ব্যাপক হাৰত কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ সম্পৰ্কে চিন্তা-চৰ্চা চলিছে। যদি কোৰোণাৰ তৃতীয় ঢৌ নিয়ন্ত্ৰণলৈ আহে, তেন্তে অহা বছৰ এপ্ৰিলৰ পৰা কৰ্মচাৰীৰ বেতন প্ৰায় ৮ শতাংশ বাঢ়িব পাৰে। কোৰোণা সংক্ৰমণৰ ফলত দেশৰ অৰ্থ ব্যৱস্থাৰ ব্যাপক ক্ষতিসাধন হৈছে। বস্তুৰ দামে আকাশ স্পৰ্শ কৰিছে। ফলত আগন্তুক বছৰৰ পৰা কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ই-কমাৰ্চ, ফাৰ্মাচিটিক্যল, আইটি আৰু অৰ্থনৈতিক পৰিসেৱাৰ কৰ্মচাৰীৰ দৰমহা বঢ়োৱাৰ সম্ভাৱনা আছে।