ভাৰতৰ বজাৰত আজি বৃদ্ধি পাইছে সোণৰ দাম। মাল্টি কমডিটী এক্সচেঞ্জত সোণৰ দামত আজি ০.২৯ শতাংশ বৃদ্ধি পাইছে। আজি পুৱা ৯.৪০ বজাত সোণৰ দাম (Gold price today) বৃদ্ধি হৈ ৪৮,৭৮৫ টকা প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰি আছিল। আনহাতে, ৰূপৰ দাম (Silver price today) আজি কছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আজি ৰূপৰ দাম কালিৰ তুলনাত ০.১১ শতাংশ হ্ৰাস হৈ ৬২,০৮৩ টকা প্ৰতি কিলোগ্ৰাম হৈছে। আজি সোণৰ দাম অল টাইম হাই দৰতকৈ ৬,৬১৫ টকা হ্ৰাস পাইছে প্ৰতি ১০ গ্ৰামত।
দিল্লীত আজি ২৪ কেৰেট বিশুদ্ধ সোণৰ দাম ৫১,৭৬০ টকা প্ৰতি ১০ গ্ৰামত। আনহাতে, ২২ কেৰেট সোণৰ দাম ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ৪৭,৪৫০ টকা প্ৰতি ১০ গ্ৰামত। গুডৰিটাৰ্ণছৰ ৰিপ’ৰ্ট অনুসৰি, আজি মুম্বাইত ২৪ কেৰেট সোণৰ দাম ৪৮,৩৬০ টকা প্ৰতি ১০ গ্ৰামত। আনহাতে, ২২ কেৰেট সোণৰ দাম মুম্বাই আজি প্ৰতি ১০ গ্ৰামত ৪৭,৩৬০ টকা।
কেনেকৈ পৰীক্ষা কৰিব সোণৰ বিশুদ্ধতা : আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে এটা এপ সৃষ্টি কৰিছে। 'বি.আই.এছ. কেয়াৰ এপ'ৰ পৰা গ্ৰাহকসকলে (Customer) সোণৰ বিশুদ্ধতা (Purity) পৰীক্ষা কৰিব পাৰে। এই এপটোৱে কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয় কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো কৰিব পাৰে।