কোৰোণা মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনীতিত পৰিল বিৰূপ প্ৰভাৱ। এই সময়ত ধন বিনিয়োগৰ বাবে সোণক বহুতে উত্তম মাধ্যম বুলি চিহ্নিত কৰিছে। কিন্তু এতিয়া সোণৰ মূল্যতো ব্যাপক পৰিৱৰ্তন আহিছে। আমেৰিকান ডলাৰ আৰু কোভিড ১৯ ভেকচিনৰ খবৰৰ মাজতে সোণ আৰু ৰূপৰ দাম হ্ৰাস পাইছে। আগষ্ট মাহৰ পৰা এতিয়ালৈকে প্ৰতি ১০ গ্ৰাহ সোণৰ মূল্য প্ৰায় ৬ হাজাৰ টকা পৰ্যন্ত হ্ৰাস পালে।
কোৰোণাৰ ভেকচিন শীঘ্ৰে আহিব বুলি খবৰ লাভ কৰাৰ পিছতে সোণৰ দাম প্ৰতি দহ গ্ৰামত ১০০০ টকা পৰ্যন্ত হ্ৰাস পালে।
বিশেষজ্ঞই কোৱা মতে, সোণৰ দাম আগন্তুক সময়ত আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। নতুন বছৰৰ প্ৰথম ভাগতে ৫০০০ টকালৈকে হ্ৰাস পাব পাৰে সোণৰ মূল্য।