সোমবাৰে সোণ আৰু ৰূপৰ মূল্য কিছু সস্তা হোৱা দেখা গৈছে। ডিচেম্বৰত ডেলিভাৰী হ’বলগীয়া সোণৰ মূল্য ০.৩ শতাংশ হ্ৰাস পাই ৫০,৬৭৯ টকা প্ৰতি ১০ গ্ৰামত গৈছেগৈ। য’ত ১.১২ শতাংশ হ্ৰাস পাই প্ৰতি কেজি ৰূপৰ মূল্য হ’লগৈ ৬১,৭৪৯ টকা। আগষ্ট মাহত প্ৰতি দহ গ্ৰাম সোণৰ মূল্যত ৫৬,২০০ টকা হৈছিল। কিন্তু তাৰ পিছৰ পৰাই পৰ্যায়ক্ৰমে হ্ৰাস পাইছে সোণৰ মূল্য।