উৎসৱৰ বতৰত উৰ্ধ্বমুখী সোণৰ দাম। সপ্তাহৰ দ্বিতীয় দিন ২৬ অক্টোবৰত ১০ গ্ৰাম সোণত মাত্ৰ ৫ টকা কমিছিল। মঙলবাৰে দিল্লীৰ চৰাফা বজাৰত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৪৭,১৫৩ টকা হৈছিল। ৰূপৰ দাম ২৮৭ টকা হ্ৰাস পাই প্ৰতি কিলোত ৬৪,৪৫৩ টকা হৈছিল। দামৰ এই সামান্য উঠা-নমাৰ মাজতে বিশেষজ্ঞই জনাইছে যে, এতিয়ৈ সোণত ইনভেষ্ট কৰিলে মাত্ৰ এসপ্তাহত বিপুল লাভ হোৱাৰ সম্ভাৱনা আছে।
সোণৰ দাম ৫০ হাজাৰ টকা হ'বলৈ গৈ আছে? সোণত বিনিয়োগ কৰাৰ এয়াই সঠিক সময় নেকি? বিশেষজ্ঞৰ মতে, কিছুদিনৰ পৰা সোণৰ দাম একেৰাহে বৃদ্ধি হৈ আছে। সোণৰ চাহিদা এনেদৰে থাকিলে দীপাৱলী পৰ্যন্ত সোণৰ দাম ৫০ হাজাৰ টকা হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান সোণৰ যি দাম, সেই দামত ক্ৰয় কৰিলে ১০ গ্ৰামত ২৫০০ টকাৰ বেছি লাভ হ'ব পাৰে।