

ঘৰুৱা বজাৰত এতিয়া হ্ৰাস পাইছে সোণৰ দাম। আনকি ৰূপৰ দামো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিশেষজ্ঞই কোৱা মতে, প্ৰতি ১০ গ্ৰাম সোণৰ দাম হ্ৰাস পাই ৫০ হাজাৰৰ তললৈ আহিব। সেইদৰে প্ৰতি কেজি ৰূপতো ২৫০০ টকা পৰ্যন্ত হ্ৰাস পাইছে।


আমেৰিকাৰ বিশেষ পেকেজ স্থগিত কৰাৰ পিছত ভাৰতত সোণৰ দাম দ্বিতীয় দিনাৰ বাবেও হ্ৰাস পায়। বুধবাৰে সোণৰ দামত ০.৯ শতাংশ হ্ৰাস পাই প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫০,০৮৮ টকা হৈছিল।


আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাস্থ্যৰ (Donald Trump) ওপৰত বিনিয়োগকৰ্তাসকলৰ দৃষ্টি নিৱদ্ধ হৈ আছে। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম প্ৰতি আউন্সত ১,৯০০ডলাৰত স্থিৰ আছিল। বিগত কিছু সময় ধৰি সোণৰ মূল্যৰ ওপৰত ডলাৰ শক্তিশালী হোৱাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। বুধবাৰে মাল্টি–কম’ডিটি এক্সচেঞ্জত (MCX - Multi-Commodity Exchange) সোণৰ প্ৰস্তাৱিত মূল্য ০.৯শতাংশ হ্ৰাস পাই প্ৰতি দহ গ্ৰামত ৫০,০৮৮টকা হোৱা দেখা গৈছিল। আনহাতে ৰূপৰ প্ৰস্তাৱিত মূল্য ০.৮৮ শতাংশ হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ৬০,৬০৫ আছিল।