বিশেষজ্ঞসকলে জনায়, আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ তথা ৰূপৰ দাম বৃদ্ধিৰ প্ৰভাৱ পৰিছে দেশৰ বজাৰতো। কোৰোণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ কাৰণে বিনিয়োগকাৰীসকলে আকৌ সোণত বিনিয়োগ কৰা আৰম্ভ কৰিছে ফলত দুইবিধ ধাতুৰ মূল্য বাঢ়িছে। কোৰোণাৰ নতুন ষ্ট্ৰেইনৰ কাৰণে ব্ৰিটেইনত আকৌ কঠোৰ লকডাউন জাৰি কৰা হৈছে। ইউৰোপ তথা অন্যান্য দেশতো যথেষ্ট নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰে প্ৰভাৱ পৰা আৰম্ভ হৈছে গ্ল’বেল ইক’নমিত।