ধনতেৰছৰ আগত হোৰা–হোৰে কমিছে সোণৰ দাম৷ একে অৱস্থা হ’ল ৰূপৰো৷ কোৰোণাৰ ভেকচিন প্ৰস্তুতৰ কাম ৯০ শতাংশ আগুৱাইছে, Pfizer-ৰ এই ঘোষণাৰ পিছতে সোণ-ৰূপৰ দাম কমিবলৈ লৈছে। ১০ গ্রাম সোণৰ দাম কমিছে ১ হাজাৰ টকা, ৰূপৰ দাম কেজিয়ে প্রতি কমিছে ২০০০ টকাৰো বেছি।
2/ 5
•MCX-ৰ ভৱিষ্যত সোণৰ মূল্য কমি ১০ গ্রামত ৫১,১৬৫ টকাৰ পৰা প্রায় ২ শতাংশ কমিছে৷ আনফালে ৬৩১৩০ টকা প্ৰতি কেজি ৰূপৰ দাম প্রায় ৩.৫ শতাংশ কম হৈছে৷
3/ 5
সোমবাৰে, দিনৰ আৰম্ভনিতে সোণৰ দাম যথেষ্ট আছিল। মার্কিন প্রেচিডেন্ট নির্বাচনত জ’ বাইডেনৰ জয়ৰ পিছত শ্বেয়াৰ বজাৰৰ অৱস্থা কিছু ভাললৈ আহে। লগতে উৰ্ধমুখী আছিল সোণৰ দামো।
4/ 5
ইয়াৰ পিছতে দিনটোৰ অগ্ৰগতিৰ লগে লগে Pfizer-ৰ ফালৰ পৰা আহে আশাৰ বাণী। ৯০ শতাংশ কাম কৰিছে কোৰোণাৰ ভেকচিনে। এই কথা জনায় মার্কিন ফার্মা সংস্থা Pfizer তথা জার্মান বায়’টেক সংস্থা BioNTech–এ.। এই টিকাকৰণৰ ফলত অন্য কোনো ধৰণৰ সংক্ৰমণ হোৱা নাই আৰু বিজ্ঞানীসকলে ইয়াক সুৰক্ষিত আখ্যা দিছে।
5/ 5
Pfizer কোম্পানীৰ চেয়াৰমেন তথা চিইঅ’ এলবাৰ্ট বাউৰলাই জনায় যে বহুদূৰ অতিক্ৰম কৰি এইখিনি পোৱা গৈছে। বিশ্বজুৰি এই অতিমাৰীৰ সৈতে আমাৰ যুঁজত এঢাপ আগুৱাই যাবলৈ সক্ষম হৈছো। আমাৰ ভেকচিন তৈয়াৰ কৰাৰ কাম ফেজ থ্ৰী পাইছে। প্ৰথম ঢাপ ইতিমধ্যে সাফল্যৰ সৈতে শেষ হৈছে।