

টেলিকম চেক্টৰত বিপ্লৱ আনিছিল জিঅ’ই। সস্তাত এটাৰ পিছত আন এটা ডাটা প্লেন লৈ হাজিৰ হৈছে জিঅ’। বাঢ়িছে প্ৰতিযোগীতাও। জিঅ’ৰ লগত প্ৰতিযোগীতা কৰিবলৈ আন টেলিকম চেক্টৰসমূহেও বিভিন্ন ধৰণৰ অফাৰ দিবলৈ বাধ্য হৈছে। এনেকুৱা এক প্লেন হৈছে ৰিলায়েন্স জিঅ’ৰ ১টকীয়া প্লেন৷ এই প্লেনত মাত্ৰ ১টকা দি ২৮দিনৰ অতিৰিক্ত ভেলিডিটী পাব গ্ৰাহকে।


টেলিকম সংস্থাটোৱে ৫৯৮ আৰু ৫৯৯ৰ দুটা প্লেন আৰম্ভ কৰিছে। দুয়োটা প্লেনৰ মাজত মাত্ৰ ১টকাৰ পাৰ্থক্য কিন্তু যেতিয়াই প্লেন চিলেক্ট কৰিব তেতিয়া ভালকৈ চাই ল’ব।


<strong>৫৯৮ টকাৰ প্লেন-</strong> এই প্লেনত ২ জিবি ডাটা পাব প্রতিদিনে ৷ অর্থাৎ সম্পূৰ্ণ পেকত ১১২ জিবি-ৰ হাইস্পিড ডাটা পাব ৷ যেতিয়াই ডাটা লিমিট শেষ হৈ যাব তেতিয়াই স্পীড কমি ৬৪Kbps হৈ যাব ৷ জিঅ’ নেটৱৰ্কত 200FUP মিনিট কথা কোৱাৰ সুবিধা পাব। লগতে পাব দৈনিক ১০০ এছএমএছ ফ্রী ৷ ইয়াৰ বাহিৰে পাব জিঅ’ পেক চাবস্ক্ৰীপশ্যনৰ সুবিধাও। কোনো এক্সট্রা চার্জ নিদিয়াকৈ ১ বছৰৰ কাৰণে Disney+Hotstar চাবস্ক্রিপশ্যন ফ্রীতে পাব।


<strong>৫৯৯ টকাৰ প্লেন -</strong> এই প্লেনতো ২ জিবি ডাটা পাব প্ৰত্যেকদিনে। অৰ্থাৎ সম্পূৰ্ণ পেকত ১১২ জিবিৰ হাইস্পীড ডাটা পাব। ডাটা লিমিট শেষ হোৱাৰ পিছত স্পীড কমি ৬৪Kbps হৈ যাব ৷ জিঅ’ নেটৱৰ্কত 200FUP মিনিট কথা পতাৰ সুবিধা পাব। জিঅ’ নেটৱৰ্কত 200FUP মিনিট কথা পতাৰ সুবিধা পাব। লগতে প্ৰত্যেকদিনে ১০০ এছএমএছ ফ্রী ৷ ইয়াৰ বাহিৰে পাব জিঅ’ পেক চাবস্ক্ৰীপশ্যনৰ সুবিধাও। কোনো এক্সট্ৰা চাৰ্জ নিদিয়াকৈ ১ বছৰৰ কাৰণে Disney+Hotstar চাবস্ক্রিপশন ফ্রীতে পাই যাব।