শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বাঢ়ে। ঔষধ অবিহনেই হাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি। শৰীৰত বেয়া আৰু ভাল দুই ধৰণৰ কলেষ্টেৰল থাকে। কিন্তু বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে সমস্যা বাঢ়িব পাৰে। কিন্তু প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰিত কৰিব পাৰি কলেষ্টেৰল। কিদৰে সেয়া সম্ভৱ জানি লওক। নহৰুৰ দ্বাৰা সহজতে হাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি। এফোটা নহৰু গৰম পানীৰে খালে ফল পাব। মৌৰ দ্বাৰাও নিয়ন্ত্ৰণ কৰিব পাৰি কলেষ্টেৰল। নহৰু খালে এটা বিশেষ অসুবিধা দিয়ে। যিসকলৰ কলেষ্টেৰলৰ মাত্ৰা বহু বেছি তেওঁলোকে নহৰু সৈতে মৌ খাব পাৰে, সুস্থ থাকিব, শৰীৰ ভালে থাকিব। ইয়াৰ উপৰি খাদ্য তালিকাত শাক–পাচলি থকাটো অতি প্ৰয়োজন। শাক–পাচলি প্ৰতিদিনে খালে খুব ভাল। কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰিত থাকিলে বিশেষভাৱে সুবিধা পোৱা যায়। Disclaimer: উপৰোক্ত তথ্যবোৰ আচলতে ঘৰুৱা দিহা। এয়া কোনো চিকিৎসা বা ঔষধৰ বিকল্প হ’ব নোৱাৰে। সেয়ে ব্যৱহাৰিক প্ৰয়োগৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।