জীৱনত ধন উপাৰ্জনৰ লগতে তাৰ যথাযথ ব্যৱহাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত বহুতে বিনিয়োগ কৰে। কোনোৱে বীমা কৰে। কিন্তু সকলো ক্ষেত্ৰতে প্লনিঙৰ প্ৰয়োজন। বিভিন্ন সময়ত উপাৰ্জনৰ পৰিমাণ কমিব পাৰে। চাকৰি যাব পৰে। ব্যৱসায়ত লোকচান হব পাৰে। পৰিয়ালৰ সমস্যাও হ'ব পাৰে। কিন্তু বিভিন্ন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আগতীয়াকৈ সাজু হৈ থকাতো ভাল।
জীৱনৰ কোনো ডাঙৰ ঘটনা, সন্তানৰ জন্ম, তেওঁলোকৰ পঢ়া-শুনা, উচ্চশিক্ষা, এইবোৰ জীবনৰ অন্যতম গুৰুত্বপূৰ্ণ। কেৱল সংশ্লিষ্ট ব্য়ক্তিৰ নহয়,, লগতে জড়িত হৈ আছে তেওঁৰ পত্নী, পুত্ৰ, পৰিয়ালৰ আন আন সদস্য। এই ক্ষেত্ৰত সঠিক অৰ্থনৈতিক পৰিকল্পনা জৰুৰী। বিভিন্ন ধৰণৰ মিউচুৱেল ফাণ্ড, বিনিয়োগ, বণ্ড ইনভেষ্টমেণ্ট, বীমা আদি পৰ্যালোচনা কৰিব লাগে।
কোনো ডাঙৰ বিপদ! স্বাস্থ্য বীমা অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান চৌদিশে প্ৰদূষণ। কোন সময়ত কাৰ কি হয়, কোনেও কব নোৱাৰে। গতিকে আগতীয়াকৈ সতৰ্ক হৈ থকা অত্যন্ত প্ৰয়োজন। নজনাকৈ কোনো জটিল ৰোগত আক্ৰান্ত হলে হুলোক আৰ্থিক সমস্যাত পৰা দেখিবলৈ পোৱা যায়। গতিকে এই ক্ষেত্ৰত আগতীয়াকৈ সতৰ্ক হৈ থকা ভাল। সেয়েহে ভালদৰে পৰিকল্পনাৰে জীবনটো আগবঢ়াই নিব লাগে।