আকৌ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অভিনেত্ৰী পুণম পাণ্ডে। অৱশ্যে এতিয়া বিতৰ্কত সোমাই পৰাটো প্ৰায় অভ্যাসৰ দৰে হৈছে অভিনেত্ৰীগৰাকীৰ বাবে। বৰ্তমান অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। অভিযোগ অনুসৰি, চি বিচ্চৰ মাজত নগ্ন অৱস্থাত পৰ্ণ ছবিৰ শ্বুটিং কৰিছিল অভিনেত্ৰীগৰাকীয়ে। কেৱল ইমানেই নহয়, চি বিচ্চত কৰ্মৰত লোকৰ মুখৰ আগতেই নিজৰ শৰীৰৰ সকলো কাপোৰ খুলি দেখুৱাই দিলে নিজৰ স্তন। পুণমৰ এই কাণ্ডৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে একাংশ মহিলা সংগঠন। দাখিল কৰিছে অভিযোগ। অভিযোগ কৰিছে যে, অভিনেত্ৰীগৰাকীয়ে এইবোৰ কাম কৰি সংস্কৃতি আৰু পৰিবেশ বিনষ্ট কৰিছে। সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰত তথা গোৱাৰ ছবি বেয়া কৰিছে। ঘটনাৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ মন্তব্য কৰা নাই অভিনেত্ৰীগৰাকীয়ে।