বিশ্বজুৰি ২০ জুনৰ দিনটো পালন কৰা হৈছে ফাডাৰ্ছ ডে’ অৰ্থাৎ পিতৃ দিৱস (Father's Day 2021) হিচাপে। বলীউদৰ একাধিক তাৰকায়ো পিতৃৰ প্ৰতি থকা মৰম আৰু সন্মান জনাই পোষ্ট কৰিলে ছচিয়েল মিডিয়াত। আবেগিক পোষ্ট কৰিলে সদ্যবিবাহিত য়ামী গৌতমে। বিয়াৰ দিনা পিতৃক সাবটি থকা এখন ফটো শ্বেয়াৰ কৰিছে য়ামীয়ে। তালিকায় রয়েছেন বলিউডের জনপ্রিয় সঙ্গীতশিল্পী নেহা কক্কড়। বাবাকে জড়িয়ে আদর করার দু'টি ছবি শেয়ার করেছেন নেহা। কৰিনা কাপুৰ খানে পিতৃ ৰণধীৰ কাপুৰৰ সৈতে থকা ফটো শ্বেয়াৰ কৰিছে। কাষতে আছে ছইফ আলী খানো। কেপচনত কৰিনাই লিখিছে, ‘ছুপাৰ হিৰ’জ’। অৰ্থাৎ নিজৰ পিতৃ আৰু নিজৰ সন্তানৰ পিতৃ ছইফক শুভেচ্ছা জনাইছে কৰিনাই। পিতৃ দিবসত পিতৃৰ সৈতে নিজৰ সৰুকালৰ এখন ফটো পোষ্ট কৰিছে অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই। সিদ্ধাৰ্থই ফটোখন শ্বেয়াৰ কৰি লিখিছে, ‘আমাৰ জাহাজৰ কেপ্টেইন। যিকোনো পৰিস্থিতিতে চম্ভালি লৈ গৈছে আমাক।’ পিতৃ সুশীল মালহোত্ৰাক এইদৰেই শুভেচ্ছা জনালে সিদ্ধাৰ্থই। আয়ুষ্মান খুৰানাই পিতৃৰ পুৰণি ক’লা–বগা ফটো শ্বেয়াৰ কৰিছে। দীঘলীয়া এটা নোট লিখি আয়ুষ্মান খুৰানাই প্ৰকাশ কৰিছে কিদৰে তেওঁৰ জীৱনত বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হিচাপে দায়িত্ব পালন কৰিছে পিতৃয়ে। এই বিশেষ দিনটোত ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে শ্ৰীদেৱীৰ কন্যা জাহ্নবী কাপুৰ আৰু সৰু কন্যা খুশীয়ে। একেলগে দুই কন্যা পিতৃৰ সৈতে বহি থকা ফটো পোষ্ট কৰিছে জাহ্নবীয়ে। লগতে পিতৃৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে জাহ্নবীয়ে। বনী কাপুৰৰ কন্যা হ’বলৈ পাই নিজকে আটাইতকৈ ভাগ্যৱতী বুলি উল্লেখ কৰিছে জাহ্নবীয়ে।