বলীউডৰ তাৰকা অভিনেতাসকলৰ পত্নীসকল সদায় লাইমলাইটৰ আঁতৰত থাকে, বা তেওঁলোকে বলীউডৰ চমকৰ পৰা বাহিৰত থাকিয়েই হয়তো ভাল পায়। জনপ্ৰিয়তাৰ ক্ষেত্ৰত স্বামীসকল আগত থাকিলেও উপাৰ্জনৰ ক্ষেত্ৰত কিন্তু তেওঁলোক স্বামীৰ পৰা বেছি পিছ পৰি থকাও নহয়। আনকি কেইবাগৰাকীও চেলিব্ৰিটী পত্নী আছে যি তেওঁলোকৰ স্বামীতকৈ অধিক উপাৰ্জন কৰে। ফটো সৌজন্য ইনষ্টাগ্ৰাম।
শ্বাহৰুখ খান ভাৰতৰ অন্যতম ধনী অভিনেতা। শ্বাহৰুখ খান (Sharukh Khan) যদি বলীউডৰ কিং খান (Bollywood's King Khan Sharukh Khan) হয়, তেন্তে তেওঁৰ পত্নী গৌৰী খান (Gauri Khan, wife of Sharukh Khan) কোনো প্ৰকাৰে কম নহয়। গৌৰী এগৰাকী জনপ্ৰিয় প্ৰযোজক আৰু ফেশ্বন ডিজাইনাৰ (Fashion Designer)। গৌৰী খান (Gauri Khan) এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰো। (ফটো সৌজন্য ইনষ্টাগ্ৰাম)