২০১৩ চনৰ কথা। দীপিকা পাডুকনৰ হাতত তেতিয়া ইখনৰ পিছত সিখন ছবি। এক নম্বৰৰ নায়িকাৰ আসন দখল কৰি সিংহাসনত বহি আছিল অভিনেত্ৰীগৰাকী ! ঠিক তেতিয়াই এক আচৰিত মন্তব্য কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে, অহা ১০ বছৰত তেওঁ সন্তানৰ মাতৃ হ'ব খোজে। কেৱল ইমানেই নহয়। সন্তান নিজৰ মতে ডাঙৰ দীঘল কৰিব। শ্বুটিঙলৈও লৈ যাব নিজৰ সন্তানক। এই সকলো কথা দীপিকাই আগতীয়াকৈয়ে ঠিক কৰি ৰাখিছিল। ২০১৩ ত এই মন্তব্য কৰা দীপিকা এতিয়া ৰণবীৰৰ পত্নী। ঘৰলৈ নতুন আলহী অহাৰ সম্ভাৱনা! ২০১৩ চনত ৰণবীৰ সিঙৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে দীপিকাৰ। ২০১৩ চনতে চাৰিখন উল্লেখনীয় ছবিয়ে মুক্তিলাভ কৰে দীপিকাৰ। যাৰ ভিতৰত অন্যতম আছিল Goliyon Ki Raasleela Ram-Leela। ছবিখন মুক্তিৰ ৫ বছৰৰ পিছত, ২০১৮ চনত ৰণবীৰ আৰু দীপিকা বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পূৰ্বে ৰণবীৰ দীপিকাৰ অনুৰাগী আছিল। এই কথা এটা কমেডী শ্বুত জনাইছিল ৰণবীৰে। ৰণবাৰী এক সাক্ষাৎকাৰত কৈছে যে, এতিয়া দুয়ো সংসাৰ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। পিছে এই খবৰ কিমান সঁচা সময়তহে স্পষ্ট হ'ব!