যোৱা কিছুদিন ধৰি নেহা কক্কৰৰ বিয়াক লৈ চলি আছে চৰ্চা। সঁচাকৈ বিয়াত বহিব নেহা কক্কৰ। চলিত মাহৰ ২৪ তাৰিখে পাঞ্জাৱী গায়ক ৰোহনপ্ৰীত সিঙৰ সৈতে নেহা কক্কৰৰ বিয়া বুলি কথা ওলাইছিল। এই খবৰ ওলোৱাৰ পিছত ছচিয়েল মিডিয়াত নেহাক শুভেচ্ছাও জনাইছিল বহুতে। Instagram সকলো ঠিকেই আছিল। কিন্তু আকৌ সকলোকে চিন্তাত পেলালে নেহা কক্কৰে। এখন ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। ফটোখনৰ জৰিয়তে নেহাই কৰিছে নিজৰ বিয়াকলৈ মন্তব্য। এখন বিয়াৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে নেহাই। য’ত নেহা কক্কৰ আৰু ৰোহনক একেলগে দেখা গৈছে। ‘নেহা দ্যা বিয়াহ’। আচলতে সেইখন হ’ল মিউজিক ভিডিঅ’ৰ পোষ্টাৰ। ২১ অক্টোবৰত ৰিলিজ কৰা হ’ব এলবামটো। সেই কথা জনাই নেহাই।Instagram এই ফটো দেখি বিশাল দদলানিয়ে লিখিছে যে, ‘আকৌ কনফিউজ হৈ গৈছো। আৰে এইখন কেনে পোষ্টাৰ। গান, বিয়াৰ নে চিনেমাৰ? বিয়াৰ বাবে নতুন কাপোৰ কিনিব লাগিব নে লাইক শ্বেয়াৰ হে কৰিব লাগিব?’ Instagram এই ফটো দেখি বাদছাহে লিখিছে- ‘আকৌ কনফিউজড কৰিলে?’ ইয়াৰ পূৰ্বে উদিত নাৰায়ণৰ পুত্ৰৰ সৈতে বিয়াৰ কথা উলিয়াই এলবাম ৰিলিজ কৰি অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল নেহাই। Instagram