Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


বিৰাট-অনুষ্কাৰ কন্যাৰ নাম কি হ’ব তাক লৈ নেটৰ পৃথিৱীত জল্পনা–কল্পনাৰ অন্ত নাই। ইয়াৰ মাজতে কন্যাৰ নাম ঘোষণা কৰিলে অভিনেত্ৰীগৰাকীয়ে।
2/ 5


সন্মুখলৈ আহিল কন্যাৰ ছবি। কন্যা ভামিকাক (Vamika) কোলাত লৈ ছবি পোষ্ট কৰিলে অনুষ্কাই। লগতে অৱশ্যে আছিল বিৰাট। কন্যালৈ আদৰসনা চাৱনিৰে চাই আছে পিত–মাতৃয়ে।
3/ 5


অনুষ্কাই সকলোকে ধন্যবাদ জনায়। লগতে তেওঁ লিখে যে নানা ধৰণৰ অনুভূতিৰ মাজেৰে তেওঁ যাব লগীয়া হৈছে। নতুনকৈ মাক হোৱাৰ অভিজ্ঞতা ভগাই লয় অনুষ্কাই।
4/ 5


যোৱা ১১ জানুৱাৰীত কন্যা সন্তানক জন্ম দিয়ে অনুষ্কাই। পিতৃ বিৰাটে টুইটৰ জৰিয়তে সেই কথা জনায়। তাৰ পিছৰে পৰা গোপনীয়তা বজাই ৰাখিছে দম্পত্তিয়ে। আনকি হাস্পতালৰ পৰা ঘৰলৈ নিয়াৰ বাটত কোনো ছবি নাছিল। পাপাৰাজিলৈ উপহাৰ পঠিয়াই বিনম্ৰতাৰে কন্যাৰ ছবি নুতুলিবকৈ অনুৰোধ কৰিছিল বিৰাট–অনুষ্কাই।