ইপিনে পৰৱৰ্তী এটা প'ষ্টত মান্যাৰ মাতৃয়ে উল্লেখ কৰে, উচ্চতৰ মাধ্যমিকৰ সময়ত মান্যাই শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ বঁটা লাভ কৰিছিল, তাই আজিলৈ জীৱনত বহু কষ্ট কৰিছে । তাইৰ স্কুলৰ মাচুল পৰিশোধ কৰিব নপৰা, কিতাপৰ খৰচ বহন কৰিব নোৱাৰাৰ লগতে অটো চালকৰ জীয়ৰী হোৱা বাবে সহপাঠীসকলৰ দ্বাৰা অৱহেলিত হোৱাৰ পৰা আদি কৰি জীৱনত বহুত সংগ্ৰাম কৰিছে মান্যাই ।