বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তিস্কা চোপ্ৰাৰ আজি ৪৭ সংখ্যক জন্মদিন। দিল তো বাচচা হ্যে দি, ৰহস্য, অংকুৰ আৰোৰা মাৰ্ডাৰ কেচ, তাৰে জামিন পৰৰ দৰে বহু জনপ্ৰিয় বলীউদৰ ছবিত অভিনয় কৰিছে তিস্কা চোপ্ৰাই। ১ নৱেম্বৰ ১৯৭৩ চনত হিমাচল প্ৰদেশত জন্ম হৈছিল তিস্কাৰ। ৪৭ বছৰ বয়সতো এতিয়া সুন্দৰী, সৌন্দৰ্যৰ প্ৰতীক অভিনেত্ৰীগৰাকী। পিছে ইয়াৰ আঁৰৰ ৰহস্য কি?