ছেইফ আৰু কৰীণাৰ ঘৰলৈ আহিল নতুন আলহী। আনকি কণমানি ভগ্নীক পাই এতিয়া অত্যন্ত আনন্দিত ককায়েক টাইমুৰ। কেমেৰাৰ সন্মুখত দিলে প’জ। এতিয়া সেই ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। কেৱল টাইমুৰেই নহয়, কণমানি সন্তানক লৈ এতিয়া নবাব পত্নীও সুখী। ফলত গৰ্ভৱতী কৰীণা কাপুৰে কোনো খবৰেই গোপনে ৰখা নাই। আৰম্ভ হৈছে জল্পনা-কল্পনা। যদিও কৰীণাই দ্বিতীয়বাৰলৈ মাতৃ হ’বলৈ কিছুদিন বাকী, সেই কথাও অৱশ্যে কোনেও পাহৰি যোৱা নাই। তেন্তে টাইমুৰৰ কোলাত সেই সদ্যজাত শিশুটি কোন? এই প্ৰশ্নকলৈ ছচিয়েল মিডিয়াত চলিছে চৰ্চা। এই সদ্যজাত কন্যা শিশুটি হ’ল নবাব পৰিয়ালৰে এগৰাকী নতুন সদস্য। জনা মতে, শিশুটিৰ মাতৃ কৰীণা কাপুৰ খানৰ টীমৰ সদস্যা নয়না চোহানৰ। যোৱা ৩০ আগষ্টত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল নয়নাই। কন্যাক লৈ কৰীণাৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছিল নয়না। বুধবাৰে নয়না আৰু তেওঁৰ মেনেজাৰ পুণম দামিনীৰ বাবে এটা ডিনাৰ পাৰ্টী ৰাখিছিল কৰীণাই। এতিয়া ছচিয়েল মিডিয়াতো সক্ৰিয় কৰীণা কাপুৰ। গৰ্ভৱতী অৱস্থাতে আমীৰ খানৰ নতুন ছবিত অভিনয়ো কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।