সুহানা খান, বলীউদত যদিও এতিয়ালৈকে খোজ দিয়া নাই, তথাপিও অত্যন্ত চৰ্চিত। কেতিয়াবা যদি ফটোশ্বুট, কেতিয়াবা বিদেশৰ থিয়েটাৰত। ছচিয়েল মিডিয়াত সুহানাই পোষ্ট আপলোড কৰিলেই হৈ পৰে ভাইৰেল! মাৰ্কিন যুক্তৰাষ্ট্ৰত নিজৰ জন্মদিনাৰ দিনা সুহানাই কৰিলে পুল পাৰ্টী। এই ফটো এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়াৰ চেনচেশ্যন সুহানা! ষ্টাৰ কিডৰ একাধিক ফেনপেজৰ পৰা এই পুল পাৰ্টীৰ ফটো আপলোড কৰা হৈছে। [caption id="attachment_116755" align="alignnone" width="1200"] যোৱা শনিবাৰে আছিল সুহানাৰ জন্মদিন। নিউয়ৰ্কৰ ঘৰতে বন্ধুৰ সৈতে পাৰ্টী কৰিছিল শ্বাহৰুখৰ কন্যাই।[/caption] মুম্বাইৰ ধীৰুভাই আম্বানী ইনষ্টিটিউশ্যনত পঢ়া-শুনা শেষ কৰি ব্ৰিটেইনৰ আৰডিংলে কলেজৰ পিছত এতিয়া নিউয়ৰ্কত পঢ়াশুনা কৰিছে সুহানা খানে। এইগৰাকী ষ্টাৰ কিডে নিৰাশ নকৰে অনুৰাগীক! সময়ে সময়ে বিভিন্ন আকৰ্ষণীয় ফটো, ভিডিও শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত। সোমবাৰে ক'লা পোছাক পৰিধান কৰি ছচিয়েল মিডিয়াত দুখন ফটো আপলোড কৰিছিল সুহানাই। এগৰাকী বান্ধৱীৰ সৈতে দেখা গৈছিল সুহানাক।