মুম্বাই। বলীউড অভিনেতা ছনু সুদ (Sonu Sood) অভিনয়ৰ লগতে সমাজ সেৱাৰ বাবে জনাজাত। তেওঁ যোৱা বছৰৰ কোৰোনা ভাইৰাছৰ প্ৰথম ঢৌৰ সময়ত লোকসকলক সেৱা আগবঢ়োৱাৰ উদ্যোগ লৈছিল, তেওঁ নিৰন্তৰ প্ৰয়োজনীয় সহায় কৰি আহিছে আৰ্তজনক। কিন্তু আয়কৰ বিভাগৰ বিষয়াসকলে বুধবাৰে ছনু সুদৰ মুম্বাইস্থিত অফিচত উপস্থিত হয়। আয়কৰ বিভাগে তেওঁৰ কাৰ্যালয়ত এটা 'ছাৰ্ভে' চলাই থকা বুলি জানিব পৰা গৈছে। আয়কৰ বিভাগে ইয়াৰ আগতে বলীউডৰ কেইবাজনো শিল্পীৰ গোপন আস্তানাত অভিযান চলাইছে। (ফাইল ফটো)