অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী প্ৰায়ে এক্টিভ ছচিয়েল মিডিয়াত। সুমধুৰ কণ্ঠৰ লগতে নৃত্যুৰ শৈলীয়ে বহুতৰে মন জয় কৰি আহিছে প্ৰিয়ংকাই। কিন্তু মাজে মাজে বিতৰ্কৰ মাজতো সোমাই পৰে কণ্ঠশিল্পী প্ৰিয়ংকা! এইবাৰ ছচিয়েল মিডিয়াত প্ৰিয়ংকা ভৰালীয়ে শ্বেয়াৰ কৰিছে বিশেষ পষ্ট। অভিনেত্ৰীগৰাকীৰ নামক কোনোৱে খুলিছে ভুৱা টুইটাৰ একাউণ্ট। যোৱা ২৬.০৭.২০২০ তাৰিখে অভিনেত্ৰীগৰাকীৰ নামত খোলা হয় টুইটাৰ একাউণ্ট। এতিয়া ছচিয়েল মিডিয়াৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দিয়াৰ লগতে আপলোড কৰা পষ্টৰ লগত তেওঁ কোনো কাৰণতে জড়িত নহয় বুলি উল্লেখ কৰিছে। ইফালে এতিয়া প্ৰিয়ংকাই ইয়াৰ বিৰুদ্ধে আইনীয় ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়ে।যিসকলে এই ভুৱা একাউণ্টটোত ফলো কৰিছিল, সকলোকে আনফ’ল কৰিবলৈ আহ্বান জনাইছে প্ৰিয়ংকা ভৰালীয়ে।