শীঘ্ৰে জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালৰ বিয়া! ২০১৯ চনৰ নৱেম্বৰ মাহতে অভিনেত্ৰীগৰাকীৰ বিয়াক লৈ চলিছিল চৰ্চা। আনকি কাজলে নিজে এটা সাক্ষাত্ কাৰত এই কথা জনাইছিল। ২০২০ বৰ্ষত বিয়াত বহাৰ কথা আছিল অভিনেত্ৰী কাজলৰ। পিছে প্ৰেম বিবাহ নহয়, পিতৃ–মাতৃয়ে পছন্দ কৰা ল’ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব কাজল। এগৰাকী ব্যৱসায়ীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব কাজলে। এই ব্যৱসায়ীজনক পছন্দ কৰিছে কাজলৰ পিতৃ–মাতৃয়ে। ‘সিংঘম’ ছবিৰ জৰিয়তে বলীউদত পদাৰ্পণ কৰিছিল কাজল আগৰৱালাই। দুবছৰ ধৰি কাজলৰ বিয়াক লৈ চলিছিল ব্যাপক চৰ্চা।