সিদ্ধাৰ্থ শুক্লা, নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী অভিনেতা। বালিকা বধু শ্বৰ জৰিয়তে সকলোৰে মুখে মুখে আছিল অভিনেতাজনৰ নাম। শুকুৰবাৰে ৪০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে সিদ্ধাৰ্থ শুক্লা। সিদ্ধাৰ্থৰ মৃত্যু এতিয়া মানি লব পৰা নাই তেওঁৰ বান্ধৱী শ্বেহনাজ গিলে। শ্বেহনাজৰ পিতৃ সন্তোষ সিং সুখে কয় যে, 'মই এতিয়া কথা কব পৰা অৱস্থাত নাই। যি ঘটনা ঘটিল মই বিশ্বাসেই কৰিব পৰা নাই।' 'শ্বেহনাজ মানসিক ভাবে একেবাৰেই ভাগি পৰিছে। মই তাইৰ সৈতে কথা পাতিছিলো।' 'তাইৰ মানসিক স্বাস্থ্য এতিয়া একেবাৰেই বেয়া। মোৰ পুত্ৰ শ্বেহবাজে শ্বেহনাজক সংগ দিবলৈ মুম্বাইলৈ ৰাওনা হৈছে।'