ছাৰা আলি খানে মনীষ মলহোত্ৰাৰ নুৰানিয়ত কালেকছন (Nooraniyat, 2021) পোছাক কেইযোৰ বৰ সযতনে পৰিধান কৰিছে। মনীষে এই লেহেংগা যোৰাকেইটা বিশেষভাৱে মডাৰ্ণ কইনাসকলৰ কাৰণে উদেশ্য কৰি বৰ আটকধুনীয়াকৈ ডিজাইন কৰি উলিয়াইছে। লেহংগাকেইযোৰত ৰয়েল, ট্ৰেডিচনেল আৰু মডাৰ্ণ টাচ্চ দিয়া হৈছে। হেভী এমব্ৰয়ডাৰীৰে সজোৱা এই লেহেংগাই আপোনাক যেনেদৰে ৰাজকীয় লুক দিব ঠিক তেনেদৰে আপোনাক মুকলি আৰু ফ্ৰেচনেছৰো অনুভৱ কৰাব। আপুনি যদি বিয়া হ'বলৈ ওলাইছে, তেন্তে অলপো সংকোচ নোহোৱাকৈ এই সাজ (Bridal Lehenga) পৰিধান কৰিব পাৰে।( all photos @ManishMalhotra.in)
ছাৰা আলী খান ৰঙা আৰু জামু ৰঙৰ এই থ্ৰী পিচ লেহেংগাযোৰত অতীব সুন্দৰী হৈ পৰিছে। লেহেংগাৰ চোলাটো ডীপ ফ্ৰণ্ট নেকলাইন দিয়া আছে , কিন্তু ছাৰাই ইয়াৰ লগত দুপাট্টাৰ সলনি এটা হেভী কোট পিন্ধা পেখা গৈছেে যিয়ে তেওঁক অপূৰ্ব সুন্দৰী কৰি তুলিছে। হেভী এমব্ৰয়ডাৰীৰ এই লেহেংগাযোৰ সঁচাই ধুনীয়া। (all photos @ManishMalhotra.in)