প্ৰেমৰ বিষয়ত মানুহৰ অত্যন্ত আগ্ৰহ! তাতে যদি সেয়া চেলিব্ৰিটী হয়, তেন্তে কথাই সুকীয়া। বিশেষকৈ ক্ৰিকেটাৰৰ সৈতে বলীউদৰ অভিনেত্ৰীৰ প্ৰেমৰ সম্পৰ্ক! এইবাৰ এগৰাকী হোটেলৰ কৰ্মচাৰীয়ে বিস্ফোৰক মন্তব্য কৰিছে টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ সন্দৰ্ভত। অভিনেত্ৰী শ্বাহিদ কাপুৰৰ হৈছে গোপণ সম্পৰ্কত আছিল ছানিয়া! মীৰা ৰাজপুতৰ সৈতে বিবাহৰ পূৰ্বে শ্বাহিদৰ জীৱনলৈ বিভিন্ন সময়ত বহু যুৱতী আহিছিল। সেইদৰে বৰ্তমান ছানিয়া মিৰ্জাৰো শোৱেইব মালিকৰ সৈতে সুখৰ সংসাৰ। এটা সময়ত প্ৰেমৰ সম্পৰ্কত আছিল ছানিয়া মিৰ্জা আৰু শ্বাহিদ কাপুৰ। এজন বন্ধুৰ জন্মদিনৰ পাৰ্টীত প্ৰথমে দুয়োৰে মাজত কথা বতৰা চলিছিল। তাৰ পিছত আৰম্ভ হয় দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক। কমিনে ছবিৰ শ্বুটিঙৰ সময়ত নিয়মিত ছেটত উপস্থিত আছিল ছানিয়া মিৰ্জা। তেওঁলোকৰ প্ৰেম ইমানেই গভীৰ হৈছিল যে, বেংগালুৰুৰ এখন হোটেলত দুয়ো পাৰ কৰিছিল ঘনিষ্ঠ মুহূৰ্ত। হোটেলখনলৈ প্ৰায়ে অহা যোৱা কৰিছিল দুয়োগৰাকীয়ে। এই কথা জনাইছে বেংগালুৰুৰ হোটেল খনৰ এগৰাকী কৰ্মচাৰীয়ে। কিন্তু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক মাত্ৰ ছমাহহে থাকে। শ্বাহিদৰ অভিযোগ মতে, ছানিয়াই সেই একেসময়তে তেলেগু ছবিৰ এজন অভিনেতাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। আনহাতে ছানিয়াৰ অভিযোগ, শ্বাহিদে ভীষণভাবে তেওঁৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছিল।