খবৰ ওলোৱা মতে, আজি নেহা কক্কৰ আৰু ৰোহনপ্ৰীতৰ বিয়া। বিয়াৰ আগত নৱ দম্পতিৰ মেহেন্দীৰ ফটো। জ্বিলিকিছে ৰোহনপ্ৰীতৰ নাম। ছোচিয়েল মিডিয়াত এতিয়া ভাইৰেল । নেহা কক্কৰে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বহুকেইখন আকৰ্ষণীয় ফটো। ফটোত আকৰ্ষণীয় ৰূপত দেখা গৈছে নেহা আৰু ৰোহনপ্ৰীতক। কিছুদিন আগৰ পৰাই নেহা কক্কৰৰ বিয়াকলৈ চৰ্চা চলি আছিল ছচিয়েল মিডিয়াত। অৱশ্যে ইয়াৰ আৰম্ভণি নেহাই নিজে কৰিছিল। দিল্লীৰ এখন পঞ্চ তাৰকা হোটেলত তেওঁলোকৰ বিবাহ অনুষ্ঠান চলিছে। ইতিমধ্যে বিয়াৰ আগৰ অনুষ্ঠানসমূহৰ ফটো দেখিবলৈ পোৱা গৈছে। নৱ দম্পতিক এতিয়া শুভেচ্ছা জনাইছে বহুতে। প্ৰচলিত ৰীতি-নীতিৰে আৰম্ভ হৈছে বিবাহ অনুষ্ঠান। বিয়াৰ পৰম্পৰাগত পোছাকত নেহা আৰু ৰোহনপ্ৰীতক দেখিবলৈ পোৱা গৈছে।