গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই বুধবাৰে আবেলি বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰী মণিক আটক কৰে RAB-এ। অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ কৰা হৈছিল। বৰ্তমান অভিনেত্ৰীগৰাকীক সোধা-পোছা কৰি থকা হৈছে। RABৰ তৰফৰ পৰা জনোৱা মতে, পৰীমণিৰ ৰাজধানীস্থিত ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে এই সুৰা। *পৰিমণিক বুধবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত গ্ৰেপ্তাৰ কৰা হৈছিল। অনুসন্ধান অভিযানৰ সময়ত মহিলা ৰব বিষয়াসকলও উপস্থিত আছিল। অৱশ্যে, উপস্থিত ৰব বিষয়াসকলে কিহৰ বাবে এই অভিযান চলাইছিল সেই বিষয়ে মুকলি কৈ কোৱা নাই। *যেতিয়া ৰবৰ সদস্যসকল অভিনেত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈছিল, সেইসময়ত অভিনেত্ৰীগৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে ঘটনাটো বৰ্ণনা কৰিছিল। তেওঁ 'ভয় খাইছে' বুলিও উল্লেখ কৰিছিল।। পৰীমণিয়ে শেহতীয়াকৈ এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপিত কৰি সংবাদ শিৰোনাম দখল কৰিছিল। এই ঘটনাৰ সন্দৰ্ভত ঢাকা বোট ক্লাৱৰ সদস্য ব্যৱসায়ী নাচিৰ উদ্দিন মাহমুদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।