প্ৰিয়ংকা চোপ্ৰাই আমেৰিকালৈ উভতিয়েই প্ৰথমে গ'ল নিজৰ ছোনা ৰেস্তোৰাঁলৈ। প্ৰিয়ংকাই নিউয়ৰ্কত আৰম্ভ কৰিছে ভাৰতীয় খাদ্যৰ এই ৰেস্তোৰাঁখন। ছোনালৈ গৈ নিজেও ইয়াৰ পানীপুৰীৰ সোৱাদ ল'লে অভিনেত্ৰীগৰাকীয়ে। (image : FB/Priyanka Chopra) সমগ্ৰ ভাৰতত জনপ্ৰিয় পানীপুৰী (Pani Puri)ৰ পৰা আৰম্ভ কৰি দোছা-ইদলি (Dosa-Idli)লৈ প্ৰায় সকলো ভাৰতীয় জনপ্ৰিয় খাদ্য (Indian Popular Food) সম্ভাৰ আছে প্ৰিয়ংকাৰ 'ছোনা' ৰেস্তোৰাঁ (SONA Restaurant)ত। (Image : FB/Priyanka Chopra) ইংলেণ্ডত ছুটিং সামৰি আমেৰিকাত উপস্থিত হৈয়েই ছোনা ৰেস্তোৰাঁলৈ গৈ আত্মীয় আৰু বন্ধুৰ সৈতে সময় কটালে প্ৰিয়ংকাই। (Image : FB/Priyanka Chopra) ছোনা ৰেস্তোৰাঁত উপস্থিত হোৱাৰ পাছত এখন ফটোৰ বাবে পজ দিয়াৰ মুহূৰ্তত প্ৰিয়ংকা। (Image : FB/Priyanka Chopra) ছোনা ৰেস্তোৰাঁত প্ৰাইড মান্থ(Pride Month) উপলক্ষে মেন্যুত ৰখা হৈছে ৰামধেনু (Rainbow) ডিছ। (Image : Instagram) যোৱা ২৬ মাৰ্চত প্ৰিয়ংকা চোপ্ৰাই গ্ৰাহকৰ বাবে খুলি দিছিল ছোনা ৰেস্তোৰাঁ। তাৰ পাছত প্ৰথমবাৰৰ বাবে শনিবাৰে ৰেস্তোৰাঁখনলৈ গৈছিল প্ৰিয়ংকা।