অভিনেত্ৰী মন্দিৰা বেদী (Mandira Bedi)য়ে স্বামী ৰাজ কৌশল (Raj Kaushal)ৰ মৃত্যুৰ পিছত নিজকে চম্ভালিবলৈ আৰু পজিটিভ ৰাখিবলৈ যথা সম্ভৱ যত্ন কৰিছে। ৰাজ কৌশলৰ মৃত্যুৰ প্ৰায় এমাহ পিছত মন্দিৰাই পুনৰ জীৱনটোক ছন্দলৈ ওভতাই অনাৰ প্ৰয়াস কৰিছে। আজি ইনষ্টাগ্ৰামত কন্যা তাৰাৰ সৈতে কেইবাখনো ফটো ছেয়াৰ কৰি তাৰাক জন্মদিনৰ ওলগ যাঁচিছে। (Image: mandirabedi/Instagram)
মন্দিৰা বেদীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত তাৰাৰ লগতে পৰিয়ালৰ সকলোৰে ফটো ছেয়াৰ কৰিছে। লগতে কেপচনত লিখিছে, "২৮ জুলাই, এবছৰ পূৰ্বে আজিৰ দিনটোতেই তুমি আমাৰ জীৱনলৈ আহিছিলা, মৰমৰ তাৰা...আৰু আজি আমি এই দিনটো উদযাপন কৰোঁ...এইয়া তোমাৰ পঞ্চমটো জন্মদিন। মোৰ ছোৱালীজনী, মই তোমাক বহুত বহুত ভালপাওঁ।" ইয়াৰ লগতে হেছটেগ দি লিখিছে 'বিগিন এগেইন' (#BeginAgain) ।(Image: mandirabedi/Instagram)