সমগ্ৰ বলীউদে ভাবিছিল যে, উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে বিয়াত বহিব জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ। আনকি ৰিয়েলিটী শ্ব’ৰ মজিয়াত নেহাৰ সৈতে বিয়াৰ কথা নিজেই স্বীকাৰ কৰিছিল, আদিত্য নাৰায়ণ আৰু তেওঁৰ দেউতাক উদিত নাৰায়ণে। কিন্তু এইবোৰ কথা এতিয়া পুৰণি হ’ল। নতুন খবৰ হ’ল যে, এইগৰাকী যুৱকৰ সৈতে বিয়াত বহিব নেহা কক্কৰ। যাক এতিয়া নেহাই অন্তৰৰ পৰাই ভাল পায়! মুঝছে ছাদি কৰোগী ৰিয়েলিটী শ্ব’ৰ জৰিয়তে জনপ্ৰিয় হোৱা ৰোহণ প্ৰীতৰ সৈতে এতিয়া নেহাৰ প্ৰেমৰ সম্পৰ্ক। এই খবৰ ছচিয়েল মিডিয়াত জনাইছে খোদ নেহা কক্কৰে। আনকি শীঘ্ৰে দুয়ো বিবাহ পাশতো আবদ্ধ হ’ব বুলি খবৰ ওলাইছে! নেহাই নিজৰ ইনষ্টাগ্ৰামত লিখিছে, ব’লা বিয়া পাতো এই ল’ক ডাউনতেই। আনহাতে বিয়াৰ ইংগিত প্ৰদান কৰি ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰিছে ৰোহণপ্ৰীতেও।