আকৌ ছচিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে। অভিনেত্ৰীগৰাকীৰ এষাৰ বিশেষ মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীয়ে কয় যে,‘ যিসকলে মোৰ বিষয়ে বেয়াকৈ কয় আচলতে সেইসকলৰ মোকলৈ ঈৰ্ষা হয়। মই এক নম্বৰৰ গায়ক যে, সেইকাৰণে মোৰ বিৰুদ্ধে তেনেধৰণৰ কথা কয়।’ নেহাই লগতে কয় যে, সেইকাৰণেই মানুহে মোকলৈ আলোচনা কৰে। কিন্তু এগৰাকী কণ্ঠশিল্পী হিচাপে মই তেনেবোৰ কথাক গুৰুত্ব নিদিও। ’ ‘মোক বেয়া পোৱাতকৈ ভাল পোৱা মানুহৰ অভাৱ নাই। আৰু ভালপোৱা সকলৰ মৰম হে মোৰ বাবে আশীৰ্বাদ স্বৰূপ।’