কাইলৈ মহালয়া। এইবাৰ মহালয়া আৰু ষষ্ঠীৰ মাজত ব্যৱধান এমাহৰো অধিক। কোৰোণাৰ ভয়াৱহতাৰ মাজতে মা দুৰ্গাৰ আগমনে যেন পৰিবেশ আগৰ দৰে স্বাভাৱিক কৰি তুলিব, সেই আশা সকলোৰে। মৌবনি সৰকাৰ। বিখ্যাত যাদুকৰ পি চি সৰকাৰৰ কন্যা তথা জনপ্ৰিয় অভিনেত্ৰী। মৌবনিক এইবাৰ দেখা যাব দুৰ্গাৰ সাজত। ইউটিউব চেনেলৰ অনুষ্ঠানৰ বাবেই এনেদৰে দেখা গ’ল অভিনেত্ৰীগৰাীকীক। মৌবনিয়ে জনাইছে যে, এইবাৰ মহালয়াৰ দিনাই মোৰ জন্মদিন। মৌবনিয়ে লগতে কৈছে যে,- ‘দুৰ্গাৰ সাজ পৰিধান কৰি সন্তুষ্টি লাভ কৰিছো। মনত শান্তি পাইছো। যেন সেই সাজ পৰিধান কৰি কোৰোণা ভাইৰাছক নাশ কৰিম।’ দুৰ্গা দেৱীৰ সাজত মৌবনি সৰকাৰ। দুৰ্গা দেৱীৰ সাজত মৌবনি সৰকাৰ।