ডান্সিং কুইন নুৰা ফাতেহী! যাৰ নৃত্যুৰ লহৰত মন্ত্ৰমুগ্ধ সকলো। এইগৰাকী নুৰাই কিন্তু প্ৰথম অৱস্থাত কোনো ধৰণৰ নৃত্যৰ আনুষ্ঠানিক শিক্ষা লোৱা নাছিল। কিন্তু এতিয়া নুৰাৰ পৰিচয় নতুনকৈ দিয়াৰ প্ৰয়োজন নাই। বহুতৰে সপোনৰ ৰাণী নুৰাৰ আছে অপৰিসীম জনপ্ৰিয়তা। বিদেশৰ পৰা আহি বলিউদত এতিয়া নুৰাই দখল কৰিছে এক নিগাজি স্থান। সম্পূৰ্ণ নিজৰ চেষ্টাত আজি বলীউদত নুৰাই অৰ্জন কৰিছে জনপ্ৰিয়তা। ৬ ফেব্ৰুৱাৰীত আছিল নুৰাৰ জন্মদিন। ২৯ বছৰত ভৰি দিলে সুন্দৰী অভিনেত্ৰীগৰাকীয়ে। ১৯৯২ চনত জন্ম লাভ কৰিছিল নুৰা ফাতেহীয়ে। পঢ়া শুনা বিদেশতে সমাপ্ত কৰা নুৰাৰ আছে ভাৰতীয়, আৰবী, কানাডিয়ান সংস্কৃতিৰ মিশ্ৰিত দখল। ইংৰাজী ভাষাতো অত্যন্ত দক্ষতা আছে নুৰাৰ। ২০১৪ চনত প্ৰথম বাৰলৈ বলীউদৰ ছবিত খোজ দিছিল নুৰাই। ইয়াৰ পিছৰ পৰাই নুৰাই আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। বহু জনপ্ৰিয় ছবিৰ আইটেম চঙত নৃত্য কৰি দৰ্শকৰ হৃদয় জয় কৰিছে নুৰা ফাতেহীয়ে। কিন্তু প্ৰথম অৱস্থাত যেতিয়া নুৰা মুম্বাইলৈ আহিছিল, তেতিয়া কোনো কাষ্টিং ডিৰেক্টৰেই নুৰাক নিৰ্বাচিত কৰা নাছিল। আনকি এগৰাকী ডিৰেক্টৰে নুৰাক নৈশ যাপনৰ প্ৰস্তাবো দিছিল। ইয়াৰ পিছতে নুৰাই পুনৰ নিজ দেশলৈ উভতি যাব বিচাৰিছিল। এই কথা নিজে এটা ইণ্টাৰভিউত কৈছিল নুৰাই। অভিনেত্ৰীগৰাকীৰ নৃত্য এতিয়া সকলোৰে পচন্দ কৰে। নুৰা ছচিয়েল মিডিয়াতো অত্যন্ত সক্ৰিয়। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে নিজৰ অনুৰাগীৰ বাবে আপলোড কৰে আকৰ্ষণীয় ফটো, ভিডিও। বিগ বছৰ মঞ্চতো দেখা পোৱা গৈছিল নুৰাক। অভিনেতা ছলমান খান হ'ল নুৰাৰ প্ৰিয় অভিনেতা।