অভিনেত্ৰী লীজা হেইডনে (Lisa Haydon) প্ৰথমবাৰৰ বাবে অনুৰাগীৰ লগত পৰিচয় কৰালে নিজ কন্যা লাৰাক। লিজাই ইনষ্টাগ্ৰামত কন্যা লাৰাক স্তনপান কৰোৱাই থকা কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। যোৱা জুন মাহত লিছা আৰু তেওঁৰ দ্বিতীয় স্বামী ডিনো লালভানিয়ে তেওঁলোকৰ তৃতীয় সন্তানৰ জন্ম দিছিল। কন্যা সন্তানটিৰ নাম ৰাখিছে লাৰা। ২০১৬ চনত বিয়াৰ পিছৰ বছৰতেই প্রথম পুত্রসন্তান জেকৰ জন্ম হয়। ২০২০ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে মাক হৈছিল লিজা। তেওঁ জন্ম দিছিল এটি পুত্ৰ সন্তান যাৰ নাম ৰখা হয় লিঅ'। লাৰাক এইবাৰ অনুৰাগীৰ সৈতে চিনাকী কৰি দিলে অভিনেত্ৰী গৰাকীয়ে। লিজাৰ এই পোষ্ট পলকতে তেওঁৰ অনুৰাগী সকলে চাই পেলাইছে। প্ৰেগনেন্সীৰ সময়তো বেবি-বাম্পৰ একাধিক ফটো শ্বেয়াৰ কৰিছিল লিজাই। তেতিয়াও লিজাৰ সেই সাহসী ফটো বৰকৈ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। এইবাৰো মুক্তভাবে সন্তানক স্তনপান কৰোৱা বৰ্তমানৰ এই নতুন ফটোবোৰ নিমিষতে চাবলৈ ধৰিছে তেওঁৰ ভক্তসকলে।