জন্মৰ পিছৰ পৰা ইণ্টাৰনেটৰ পৰা দূৰত ৰাখিছিল সন্তানক। মিডিয়া বা পাপাৰাজিকো দিয়া নাছিল ফটো তুলিবলৈ। নিজেও বিৰত আছিল টুইটাৰ বা অন্য কোনো ছচিয়েল মিডিয়াত সন্তানৰ সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা। আনকি জনোৱা নাই সন্তানৰ নাম। কিন্তু সকলো জল্পনা-কল্পনা আঁতৰ কৰি কৰিণাই মাডাৰ্ছ দ্যে উপলক্ষে তেওঁৰ দ্বিতীয় সন্তানৰ ফটো পোষ্ট কৰিলে নিজৰ ইনষ্টাগ্ৰাম চাইটত। ফটোত দেখা গ'ল ডাঙৰ সন্তান টাইমুৰ আলী খানকো। কৰিণাৰ সৰু পুত্ৰ জন্ম চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখে হৈছিল। টাইমুৰ আৰু সৰু পুত্ৰৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। জন্মৰ পিছৰ পৰাই কাৰ্যত মিডিয়া স্পটলাইট হৈ উঠিছিল ডাঙৰ পুত্ৰ টাইমুৰ। মিডিয়াৰ আলোচনা চলিছিল। ইণ্টাৰনেটত বিয়পি পৰিছিল টাইমুৰৰ ফটো। কিন্তু সৰু পুত্ৰৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল। মিডিয়াৰ পৰা সম্পূৰ্ণ ৰূপে আঁতৰত ৰখা হৈছে কৰিণাই সৰু পুত্ৰক। কিন্তু মাডাৰ্ছ দ্যে উপলক্ষে কৰিণাই প্ৰথমবাৰলৈ ৰজহুৱা কৰিলে সৰু পুত্ৰৰ ফটো। শেহতীয়াকৈ কৰিণা কাপুৰে লাল সিং চড্ডা ছবিৰ শ্বুটিং সমাপ্ত কৰিছে। ছবিখনত কৰিণা কাপুৰৰ বিপৰীতে অভিনয় কৰিছে আমীৰ খানে।