ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি ২০ মেচত ভাৰতীয় দলে ৭ উইকেটত জয়লাভ কৰে। মেচখনত অভিষেককাৰী ইশান কিষাণে ষ্টাৰৰ ৰূপত এতিয়া সমুখলৈ আহিছে। নিজৰ প্ৰথম মেচত ৫৬ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি মেন অব দ্যা মেচৰ খিতাপ জয় কৰিলে ইশান কিষাণে। যিদৰে প্ৰথমখন মেচ খেলিয়েই ইশান কিষাণে বাতৰিৰ শিৰোনাম দখল কৰিছে, ঠিক সেইসময়তে শিৰোনাম দখল কৰিছে ইশানৰ গাৰ্লফ্ৰেণ্ডেও।