হাৰিয়ানাৰ কুইন স্বপ্না চৌধুৰীয়ে আকৌ দখল কৰিছে সংবাদ শিৰোনাম। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে বিশ্বাসভংগ. ষড়যন্ত্ৰ আৰু প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰীগৰাকীক। কেৱল স্বপ্না চৌধুৰীয়েই নহয়! তেওঁৰ মাতৃ নীলম, ভাতৃ কৰণকো গ্ৰপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছিল এটা মেনেজমেণ্ট সংস্থা। আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে, স্বপ্নাৰ চুক্তি হৈছিল সংস্থাটোৰ সৈতে। সংস্থাৰ অনুমতি অবিহনে স্বপ্নাই কোনো ধৰণৰ অনুষ্ঠানত ভাগ ল'ব নোৱাৰিব। কিন্তু এই চৰ্ত ভংগ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। সেইদৰে এই সংস্থাটোৰ পৰা স্বপ্না চৌধুৰীয়ে টকা চুৰি কৰি আঁতৰি আহিছিল বুলিও অভিযোগ আনিছে। দিল্লী আৰক্ষীয়ে এতিয়া গোচৰ ৰুজু কৰিছে স্বপ্না চৌধুৰীৰ বিৰুদ্ধে। উল্লেখ্য যে, যোৱা অক্টোবৰ মাহত মাতৃত্বৰ গৌৰব অৰ্জন কৰিছিল স্বপ্না চৌধুৰীয়ে। বৰ্তমান স্বপ্নাৰ আছে এটি চাৰি মহীয়া সন্তান।