ক্ৰিকেটাৰ কেএল ৰাহুল আৰু অভিনেত্ৰী আথিয়া চেট্টীৰ সম্পৰ্কই প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । শেহতীয়াকৈ আথিয়াই শ্বেয়াৰ কৰা এখন ফটোক লৈ পুনৰ চৰ্চালৈ আহিছে দুয়ো। ফটোখনত আথিয়াই এটা নীলা আৰু ক্ৰীম ৰঙৰ জেকেট পিন্ধি বিচনাত বহি থকা দেখিবলৈ পোৱা গৈছে । দৰাচলতে জেকেটটোক লৈয়ে আৰম্ভ হৈছে সকলো চৰ্চা, কিয়নো এই জেকেটটো হৈছে ক্ৰিকেটাৰ কেএল ৰাহুলৰ। বহু দিন পূৰ্বে এই একেটা জেকেট পিন্ধি নিজৰ কিছু ফটো শ্বেয়াৰ কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে । শেহতীয়াকৈ এই জেকেট পিন্ধি আথিয়াই শ্বেয়াৰ কৰা ফটো ভাইৰেল হৈ পৰাৰ লগতে অনুৰাগীসকলে অনুমান কৰিছে যে তেওঁ কেএল ৰাহুলৰ সৈতে ইংলেণ্ড ভ্ৰমণলৈ গৈছে। অৱশ্যে, অনুৰাগীৰ এই সন্দেহক নস্যাত্ কৰিব নোৱাৰি, কিয়নো এই জেকেট পিন্ধা ছবিবোৰেই নহয়, আন কিছুমান ছবিয়েও সূচাইছে যে আথিয়া ৰাহুলৰ সৈতে ইংলেণ্ডত আছে । আথিয়া চেট্টীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামৰ পৰা বিচনাত বহি থকা অৱস্থাত কেএল ৰাহুলৰ জেকেট পিন্ধি শ্বেয়াৰ কৰা ফটো দুখন কোনো হোটেলৰ কোঠা যেন লাগিছিল । যাৰ বাবে সন্দেহ হৈছে অনুৰাগীৰ । ইপিনে আথিয়াৰ এই ফটোৰ সমান্তৰালৈ ভাইৰেল হৈছে একেটা জেকেট পৰিধান কৰা অৱস্থাত থকা কেএল ৰাহুলৰ পুৰণি ইনষ্টাগ্ৰামৰ ফটো । আনফালে যিহেতু কেএল ৰাহুল বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ সৈতে ইংলেণ্ডত আছে আৰু ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলাই আছে । তেনেস্থলত এই ফটোৰ লগতে আন কিছু ফটোৱেও আথিয়া চেট্টী যে ক্ৰিকেটাৰগৰাকীৰ সৈতে ইংলেণ্ডত আছে তাৰেই প্ৰমাণ দিছে । আথিয়াই শ্বেয়াৰ কৰা ব্লেক এণ্ড হোৱাইট ফটোখনৰ পৃষ্ঠভূমি চাওফেম্পটনৰ দৰে লাগিছে, যি স্থানত ৰাহুলেও ফটো শ্বেয়াৰ কৰা দেখা গৈছিল । লগতে কে এল ৰাহুলে বেঙুনীয়া ফুলৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল । য'ত তেওঁ লিখিছিল "ৰ'দ আৰু ভাল চিন্তাধাৰা"। সেই একেখিনি ফুলেই আথিয়াইয়ো নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰা দেখা গৈছিল । যাৰ বাবে দুয়ো যে একেলগে ইংলেণ্ডত আছে, সেয়া জানিবলৈ উত্সুক হৈ পৰিছে অনুৰাগী ।