বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ বিয়া! শীঘ্ৰে অভিনেত্ৰীগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী তাৰকাৰ সৈতে বিয়াত বহিব বুলি চৰ্চা চলিছে। ভাৰতীয় ক্ৰিকেটাৰ আৰু বলীউদৰ অভিনেত্ৰীৰ মাজৰ বিভিন্ন খবৰ প্ৰায়ে চৰ্চালৈ আহে। এইবাৰ পোহৰলৈ আহিছে অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ বিয়াকলৈ। ঋষভ পণ্ট আৰু উৰ্বশী ৰৌতেলাৰ মাজত থকা সম্পৰ্কলৈ মাজতে যথেষ্ট চৰ্চা চলিছিল। দুয়োৰে মাজৰ প্ৰেমৰ সম্পৰ্ক ছেদ হোৱাৰ পিছত ল’ক ডাউনৰ সময়ত আকৌ লিংক আপ হ’ল বুলি ছচিয়েল মিডিয়াত খবৰ ওলাইছিল। কিন্তু কিয় ঋষভে উৰ্বশীৰ হোৱাটছআপ নম্বৰ ব্লক কৰি দিছিল? আনকি ঋষভে উৰ্বশীৰ ফোন নম্বৰো নিজৰ ফোনত ব্লক কৰি দিছিল। উল্লেখযোগ্য যে, নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰিয়েই ঋষভ আঁতৰি আহিব বিচাৰিছে উৰ্বশীৰ কাষৰ পৰা। দুয়ো আনকি সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু বহু মনোৰঞ্জনধৰ্মী সংবাদগোষ্ঠীত খবৰ ওলাইছে যে, ল’ক ডাউৰ সময়ত আকৌ দুয়োকে দেখা গৈছে একেলগে। আকৌ দুয়োৰে মাজত আকৌ গঢ় লৈ উঠিছে সম্পৰ্ক! আৰু শীঘ্ৰে দুয়ো বিবাহ পাশত আবদ্ধ হ’ব বুলিও খবৰ ওলাইছে।