১৯৮৫ চনৰ ১৯ জুনত মুম্বাইত জন্মগ্ৰহণ কৰা অভিনেত্ৰী কাজল আগৰৱালৰ আজি ওপজা দিন । ৩৬ বছৰ বয়সত ভৰি দিলে অভিনেত্ৰীগৰাকীয়ে । বলীউদত কেইবাখনো ভাল ছবিত অভিনয় কৰিছিল কাজলে, কিন্তু নিজৰ প্ৰাপ্য স্থান লাভ নকৰিলে অভিনেত্ৰীগৰাকীয়ে । বলীউদী যাত্ৰা সফল নহ'লেও কিন্তু দক্ষিণৰ ছবি উদ্যোগত সফলতা বুটলিবলৈ সক্ষম হৈছে 'সিংঘম' (Singham) অভিনেত্ৰীগৰাকীয়ে ।
মুম্বাইত ডাঙৰ দীঘল হোৱা কাজল আগৰৱালাই মডেলিঙৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কেমেৰা সৈতে মুখামুখি হৈছিল। ইয়াৰোপৰি তেওঁ ভিন্ন ছবিত বেকগ্ৰাউণ্ড ডান্সাৰ হিচাপেও কাম কৰিছিল। এতিয়া কাজলে তেওঁৰ এখন ছবিৰ বাবে ১ কোটি টকাৰ কম মাচুল নলয়। বিলাসী জীৱন যাপনত বিশ্বাসী কাজলৰ সম্পত্তিৰ তালিকাও দীঘলীয়া । জানিব পৰা মতে, অভিনেত্ৰীগৰাকীৰ ৰেঞ্জ ৰোভাৰ, বিএমডব্লিউ আৰু অডিৰ দৰে গাড়ী আছে । মুম্বাইৰ লগতে হায়দৰাবাদতো আছে কাজলৰ এটা বিলাসী ঘৰ ।