ভোজপুৰী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী মনালিছা আকৌ এবাৰ চৰ্চালৈ আহিছে। প্ৰায়ে বিতৰ্কৰ আৱৰ্তত সোমাই পৰে অভিনেত্ৰীগৰাকী ছচিয়েল মিডিয়াতো প্ৰায়ে সক্ৰিয় জনপ্ৰিয় অভিনেত্ৰীগৰাকী। হিন্দু সৰু পৰ্দাৰ ধাৰাবাহিকতো অভিনেত্ৰীগৰাকীয়ে লাভ কৰিছে জনপ্ৰিয়তা। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়াত প্ৰায়ে শ্বেয়াৰ কৰে নিজৰ ফটো অথবা বিভিন্ন আকৰ্ষণীয় ভিডিঅ’। অলপে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল যে, ছবিত অভিনয়ৰ বাবে এগৰাকী চলচিত্ৰ নিৰ্মাতাৰ সৈতে বিবাহৰ পূৰ্বে প্ৰায় ছমাহ লিভ ইন ৰিলেশ্যনত আছিল ম’নালিচা। কিন্তু এই খবৰ নসাত্ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। বিগবছত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা অভিনেত্ৰী মনালিচাই প্ৰচূৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।