

১১ অক্টোৱৰত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি ৰত্নাকৰ। বৃহস্পতিবাৰে গুৱাহাটী মহানগৰৰ কেইবাখনো মহাবিদ্যালয়ত নতুন ছবি ৰত্নাকৰৰ প্ৰচাৰ চলালে অভিনেতা যতীন বৰা, বৰষা ৰাণী বিষয়াৰ লগতে ছবিখনৰ কলা কৌশলী সকলে।


প্ৰথমে মহানগৰৰ University of Science and Technologyত ছাত্ৰ ছাত্ৰীৰ ব্যাপক হৰ্ষোল্লাসৰ মাজত ছবিখনৰ প্ৰচাৰ চলাই অভিনেতা যতীন বৰাৰ লগতে অন্যান্য সকলে।


তাৰ পিছতে টীম ৰত্নাকৰ মহানগৰৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়লৈ গৈ ছবিখনৰ প্ৰচাৰ চলায়। মহাবিদ্যালয়খনত ছবিখনৰ গীতৰ লগতে সংলাপ আওৰাই সকলোৱে।


ৰত্নাকৰৰ প্ৰযোজক নৱনীতা শৰ্মায়ো জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ দৰেই ৰত্নাকৰকো ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰিছে।


ৰত্নাকৰৰ প্ৰমোছনকলৈ সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰীৰ মাজত ব্যাপক আনন্দ উল্লাস পৰিলক্ষিত হয়। সন্দিকৈ মহাবিদ্যালয়তে ৰত্নাকৰ ছবিখনৰ সংলাপো আওৰাই জনপ্ৰিয় অভিনেতা যতীন বৰাই।