

চলিত মাহতে মা হ’বলৈ গৈ আছে অনুষ্কা শর্মা কোহলি । বৰ্তমান অভিনেত্ৰীগৰাকী শেষ পর্যায়ৰ গর্ভাৱস্থাত। নতুন অতিথিৰ আগমনৰ আনন্দৰ বৰ্তমান আত্মহাৰা ভাৰতীয় ক্রিকেটৰ ‘ফাৰ্ষ্ট লেডী’ তথা বলিউড নায়িকা অনুষ্কা শর্মা । জীৱনৰ অন্যতম মধুৰ মুহূৰ্তত অনুষ্কা। গৰ্ভত একলা–দুকলাকৈ বাঢ়ি অহি সন্তান ভূমিষ্ঠ হ’ব এইমাহতে।


যিকোনো মুহূৰ্তত সন্তান প্ৰসৱ কৰিব পাৰে অনুষ্কাই। যোৱা কিছুদিন ধৰি বিৰুষ্কাক দেখা গৈছে ক্লিনিকৰ সন্মুখত। গৰ্ভৰ সন্তান ঠিকেঠাকে আছে নে নাই, সকলো পৰীক্ষা-নিৰীক্ষা কৰাবলৈ গৈছে দুয়ো।


বিৰাট-অনুষ্কাৰ সংসাৰলৈ নতুন অতিথি অহাৰ অপেক্ষাত দিন গণিছে দেশৰ অনুৰাগীয়ে । ল’ৰা নে ছোৱালী হ’ব...সেয়া সকলোৰে কৌতুহল। সকলোৱে অপেক্ষা কৰিছে নতুন শিশুটিৰ অপেক্ষাত।


তাৰ মাজতে বিখ্যাত জ্যোতিষীয়ে শুনাইছে তেওঁৰ ভৱিষ্যৎবাণী। জনাইছে এটি কন্যা সন্তানৰ মা হ’বলৈ গৈ আছে অনুষ্কা।


পণ্ডিত জগন্নাথ গুৰুজী নামৰ এই জ্যোতিষীয়ে জনাইছে যে, বিৰাট–অনুষ্কাৰ মেচ ৰিড কৰি তথা তেওঁলোকৰ জন্মপত্ৰী বিচাৰ কৰি দেখা গৈছে যে, তেওঁলোকৰ কোলালৈ কন্যা সন্তান আহিব।


বিৰুষ্কাৰ হ’বলগীয়া সন্তানক লৈ ইতিমধ্যে উত্তেজনা তুংগত। জন্মৰ পূৰ্বেই অকণমানি কোহলি ৰীতিমতে তাৰকা হৈ পৰিছে! মাতৃৰ গৰ্ভত থাকিয়ে কেমেৰাৰ ফ্লাছ, সংবাদ মাধ্যমৰ বুম, ফটোশ্বুটৰ পৰা বিজ্ঞাপনলৈকে সকলোতে আছে কণমানিটি।