Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 6


১১ জানুৱাৰীত পিতৃ-মাতৃ হোৱাৰ গৌৰব অৰ্জন কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাই। ঘৰলৈ আহিল এটি কন্য়া সন্তান। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত অত্যন্ত গোপনে ৰাখিছে কণমানি সন্তানটিৰ কথা। কোনো ফুল বা উপহাৰ নিয়া বা পঠিওৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
2/ 6


কন্যা সন্তান জন্ম হোৱাৰ প্ৰথম খবৰ জনাইছিল বিৰাট কোহলীয়ে। লগতে অনুৰোধ জনাইছিল যে, তেওঁলোকৰ প্ৰাইভেচী কোনেও যাতে ভংগ নকৰে। কাৰণ জীৱনৰ সেই অনন্য মুহূৰ্তত তেওঁ সম্পূৰ্ণ নিজৰ ইচ্ছাত থাকিব বিচাৰে।
3/ 6


মাতৃ হোৱাৰ ১১ দিনৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখলৈ আহিল অনুষ্কা শৰ্মা। লগত দেখা গ'ল বিৰাট কোহলীক। বান্দ্ৰাৰ ক্লিনিকলৈ গৈছিল কিছু সময়ৰ বাবে। সেই সময়তে পাপ্যাৰাজিৰ কেমেৰাত বন্দী হয় দুয়ো।