কিছুদিন ধৰি নেহা কক্কৰ আৰু আদিত্য নাৰায়ণৰ মাজত থকা প্ৰেমৰ সম্পৰ্কক লৈ চলি আহিছে চৰ্চা আনকি উদিত নাৰায়ণ আৰু তেওঁৰ পত্নীয়েও নেহা আৰু আদিত্যৰ বিয়াৰ কথা ৰাজহুৱাকৈ কৈছিল। আনকি ১৪ ফেব্ৰুৱাৰীৰ দিনা নেহা আৰু আদিত্যৰ বিয়াও দেখুওৱা হৈছিল Indian Idolৰ মঞ্চত। কিন্তু এতিয়া যেন শেষ হ’ল এই সম্পৰ্ক। এই সম্পৰ্ক বাদ দিছে নেহা কক্কৰে নিজে। এটা ইংৰাজী ৱেবচাইটত দেওবাৰে হোৱা সাক্ষাৎকাৰত নেহা কক্কৰে কয় যে, আদিত্য খুব ভাল মানুহ। তেওঁ মোৰ ভাল বন্ধু। লগতে নেহাই কয় যে, ‘আদিত্য নাৰায়ণৰ ইতিমধ্যে এগৰাকী গাৰ্ল ফ্ৰেণ্ড আছে। অহাবছৰ সম্ভৱত দুয়োৰে বিয়া হ’ব। গতিকে বেলেগ ধৰণৰ এনো কথা ভাবিব নালাগে।