অভিনেত্ৰী ছানী লিয়নীয়ে ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে কৰিছে অভিনেতা ইমৰাণ হাছমীৰ সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য। ২০১৭ চনত ইমৰাণ হাছমী আৰু ছানী লিয়নীক ‘বাদশ্বাহো’ ছবিৰ প্ৰিয়া মোৰে গীতত একেলগে দেখা গৈছিল। এতিয়া এখন ছবিত ইমৰাণ হাছমীৰ সৈতে অভিনয় কৰাৰ মন অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘যদি মই লাকী তেন্তে নিশ্চয় মোৰ এই সপোন পূৰণ হ’ব।’ আনকি অভিনেত্ৰীগৰাকীয়ে লাইভৰ সময়ত সাক্ষাত্কাৰ লোৱা জনক ইৰমাণ খানক ছানী লিয়নীৰ মনৰ কথা জনাবলৈও অনুৰোধ জনায়।